Show/Hide Keyboard Layout

সন্ধিয়াৰ আকাশৰ এহালি তৰাই

- অনুৰাধা দাস

সন্ধিয়াৰ আকাশৰ এহালি তৰাই

তোমাৰ কথাকে সোণ দিয়ে সোঁৱৰাই

ৰঙীন আবেগে ভৰা সিদিনা সন্ধিয়া

তুমি মই আছিলো হৈ মতলীয়া

তোমাৰ প্ৰেমে যে হিয়া দিলে ওপচাই

আজি কিয় সেই কথা দিয়ে সোঁৱৰাই

সন্ধিয়াৰ ...

 

তুমি মই আজি আৰু নহয় আপোন

সিদিনাৰ যিটি দিন আজি যে সপোন

তথাপি তোমাৰ বাবে ৰ’ম বাট চাই

জীৱনৰ সিপাৰত নাও যে চপাই

তৰা ভৰা আকাশৰ নীৰৱ ভাষাই

তোমাৰ কথাকে সোণ কয় ৰিঙিয়াই 

সন্ধিয়াৰ ...

Hits: 2428